Wednesday, March 2, 2016

সমাগত নিকটতে বনে নির্বাচন (কবিতা)

ৰুটীএক সমভাগে বিতৰণ হেতু
গৈল দুটি মার্জাৰক বান্দৰ সমীপ ।
নম্রভাৱে শুধিলন্ত দেখি কপিৰাজ
কিবা হেতু আগমন কহিয়ো আমাক ।১॥
সমস্যাটি প্রকটিলে য়দা দুয়ো তাঙ্কে
ৰুটীএক বিভজিব লাগে সমভাগে ।
শুনি কপিৰাজ বোলে মন্দহাস কৰি
ধৈর্য ধৰি থাকা ব্যর্থ চিন্তা পৰিহৰি ।২॥
এহি বুলি কপি নিজে আনি এক ৰুটী
বিতৰিলে বিড়ালক কৰি এটি এটি ।
উদাৰতা কপিৰাজে দেখি তেতি ক্ষণে
চিন্তয়তি মার্জাৰক এতি মনে মনে । ৩॥
নমো নমো নীতিবীৰ নমো অশেষত
জ্ঞাত ভৈল এটি পাঠ এহি প্রসঙ্গত ।
এহি ভাৱে মনে খেলা কৰে কদাচন
সমাগত নিকটতে বনে নির্বাচন ।৪॥

Saturday, December 12, 2015

নৱবৰ্ষ

৩১ ডিচেম্বৰলৈ আৰু বেছি দিন নাই । তাৰ পিছদিনাই ১ জানুৱাৰী । আমাৰ যুৱক যুৱতীসকলে হয়তো বৰ উত্কণ্ঠাৰে বাট চাই আছে সেই বিশেষ দিন দুটালৈ । কিছুমানে হয়তো মদ আৰু জুৱাৰ পূর্ণ স্বতন্ত্রতাৰে অলপ ফুর্তি-তামাচা কৰি পিকনিক খোৱাৰ পৰিকল্পনাও চাগে কৰি থৈছে । নহয়নে বাৰু ? কিন্তু আমি কেতিয়াবা ভাৱি চাইছোঁনে এনে কৰাৰ কাৰণটোৱেই বা কি ? ১ জানুৱাৰীত কি এনে ঐতিহাসিক ঘটনা ঘটিছিল ? ই কিবা জলবায়ুৰ পৰিৱর্তনৰ আৰম্ভনি নে ? অথবা জ্যোতির্মণ্ডলীয় আন কিবা কাৰণো আছে নেকি ? নাই, একোৱেই তো নাই। তথাপিও আমি ইয়াক পালন কৰোঁ কিয় ? উত্তৰত চাগে ক'ম "এইটো ইংৰাজী বছৰৰ আৰম্ভনি, গোটেই বিশ্বই ইয়াক মানে" । তেন্তে জানি থওক ই ইংৰাজী বছৰৰ নহয়, খ্রীষ্টীয় বছৰৰ হে আৰম্ভনি । আছলতে খ্রীষ্টীয় বছৰৰো নহয় । ( ২৫ ডিচেম্বৰত যদি যীশুৰ জন্ম তেন্তে ১ জানুৱাৰীত বছৰৰ আৰম্ভনি কিয় ?) হয়তো আৰু ক'ম " ৩১ ডিচেম্বৰৰ দিনা বছৰৰ বিদায় "। কিন্তু কোনটো বছৰৰ ? য'ত চেপ্টেম্বৰ, অক্টোবৰ, নভেম্বৰ আৰু ডিচেম্বৰ ক্রমে সপ্তম, অষ্টম, নৱম আৰু দশম মাহ হ'ব লাগিছিল কিন্তু দুর্ভাগ্যৱশত ক্রমে নৱম, দশম, একাদশ আৰু দ্বাদশ মাহ কৰা হ'ল । সেইটো বছৰৰ ? এক্সমাচ উত্সৱ বৰ উলহ মালহেৰে পালন কৰে কিন্তু 'এক্স' আৰু 'মাচ'ৰ অর্থই তেওঁলোকৰ তাত নাই । কিন্তু আমি যেন ইংৰাজৰ বাহ বাহ পাবলৈহে লৰ মাৰিছোঁ । ইয়াৰ সলনি বহাগ মাহৰ ১ তাৰিখত নৱবর্ষৰ আৰম্ভনিৰ বৈজ্ঞানিক কাৰণ আছে, জ্যোতির্বিজ্ঞানৰ যুক্তি থকাৰ লগতে প্রকৃতি জগতৰো পৰিৱর্তন ঘটে । গছবোৰে নতুন কুঁহিপাত মেলে ।সেয়ে আমি বিদেশী দাসতাৰ মনোভাৱৰ পৰা মুক্ত হৈ স্বাধীনচিতীয়া মনোভাৱেৰে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ উলাহ বর্জণ কৰি বহাগৰ ১ তাৰিখলৈ সেই উত্সাহ উদ্দীপনাক সাঁচি থৈ অসমীৰ বুকুত আনন্দৰ জোৱাৰ তোলাৰ সংকল্প এটি ল'ব নোৱাৰোঁনে ?

Monday, February 2, 2015

সমাধান (এক মিনিটৰ গল্প ) 


পুৱাতেই উঠি গা-পা ধুই মই ঘৰৰ পৰা ওলালোঁ । বাটত ৰাহুলক লগ পোৱাত তেওঁ সুধিলে, "আজি ছুটীৰ দিনাখনো সাজিকাচি ক'লৈ যাবলৈ ওলালা ?" "মন্দিৰৰ পৰা আহোঁ বুলি ভাবিছোঁ । প্ৰথম মাহৰ দৰমহা পোৱাৰ পাছত তালৈ যোৱাৰ মানস কৰিছিলোঁ ।" মই ক'লোঁ । "যোৱা যোৱা সেই শিলৰ মূর্তীটোকে টকা , ফুল আৰু ধুপ ধুনাৰে সেৱা কৰি আহাগৈ, লগতে সোনকালে প্রমোছন পোৱাৰ কামনাও কৰি আহিবা ।" মূর্তিপূজাত একেবাৰে বিশ্বাস নকৰা ৰাহুলে এক প্রকাৰ ইতিকিঙৰ সুৰতেই ক'লে । মানুহবোৰে নিজৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰি কিয় এইদৰে শিলক পূজা কৰে, এই প্রশ্নই তেওঁৰ মনত বাৰুকৈয়েই আমনি কৰিছিল । ময়ো হ'ব হ'ব বুলি কৈ আগবাঢ়িলোঁ ।
   কেইদিনমানৰ পাছতেই ৰাহুলৰ ৰুগীয়া মাতৃয়ে সংসাৰৰ পৰা চিৰবিদায় মাগিলে । কাজৰ দিনাখন বাহিৰত ডাঙৰকৈ সজাই থোৱা নিজৰ আইৰ ফটোখনত ধুপ আৰু ফুলেৰে সেৱা কৰিলে ৰাহুলে । তেওঁক শিক্ষা দিয়াৰ এইটোৱেই উপযুক্ত সময় বুলি ভাৱি তেওঁৰ ওচৰলৈ গৈ ক'লোঁ, " আৰে ৰাহুল, এয়া কি কৰিছা ? এই কাগজৰ  টুকুৰাক কিয় এইদৰে সেৱা কৰিছা ?" মাতৃৰ বিয়োগত ভাগি পৰা ৰাহুলৰ মনত মোৰ এই প্রশ্নই যেন জ্বলা জুইত ঘিহে ঢালিলে । খং আৰু আৱেগভৰা সুৰত ক'লে, " এয়া মথো কাগজৰ টুকুৰা নহয় , ইয়াত মোৰ মাৰ ছবি অঙ্কিত আছে ।" হয় ৰাহুল, যিদৰে  আজি তুমি এই সৰু কাগজৰ টুকুৰাত নিজৰ কৰুণাময়ী আইক দেখা পাইছা সেইদৰে আমিও শিলৰ মূর্তিটোতে জগতৰ নিয়ন্তা ঈশ্বৰক বিছাৰি পাব নোৱাৰোঁনে  ?" নিজৰ পূৰণিকলীয়া প্রশ্নৰ সমাধান পায়েই হয়তো ৰাহুল নিৰুত্তৰ হ'ল ।

Wednesday, January 14, 2015

ভোগালীত ককাৰ আনন্দ

আদৰৰ ভোগালী বিহু পালেহি । গাঁৱৰ ডেকা আদহীয়া বুঢ়া সকলো ব্যস্ত । পথাৰৰ সোণগুটি চপোৱাৰ লগে লগেই ডেকা চেঙেলীয়াবোৰ লাগি গৈছিল নৰা কাটিবলৈ । ভেলাঘৰ সাজিব । কাষতে এটা মেজিও সাজিব । উৰুকাৰ দিনা ৰাতি সকলোৱে মিলি এখাজ ভোজভাত খাব । অলপ ফুর্তি কৰিব । তাৰ বাবেইতো ইমান ব্যস্ততা । ইফালে বোৱাৰী আইতাহঁতৰ গাও সাতখন আঁঠখন । পিঠাগুৰি খুন্দা, নাৰীকল ৰোকা, লাৰু পিঠা আদি বনোৱা, কামেই কাম ।  আখলৰ পৰা ওলাবই নোৱাৰে । সকলোৰে একেই ব্যস্ততা । কাৰণ একেটাই । সন্মুখত হেঁপাহৰ ভোগালী বিহু । নহ'বনো কিয় ? বছৰত এবাৰহে আহে । সেয়েহে ব্যস্ততা । এই ব্যস্ততাৰ মাজতে কেতিয়ানো উৰুকা পালেহি গমকেই নাপায় বহুতেই । হয় আজি উৰুকা । ডেকাবোৰে পথাৰৰ এচুকত ভেলাঘৰ এখন সাজিলে, মেজিও সাজিলে ।উলাহেৰে উপভোগ কৰিব ভোগালীৰ আনন্দ । ৰক্ষা কৰিব নিজৰ সংস্কৃতিৰ, পৰম্পৰাৰ । হয় আমাৰ এই পৰম্পৰা আমিয়েই ৰক্ষা নকৰিলে  কোনে কৰিব ? ইংৰাজসকলে আহি কৰিব জানো ?  মাথো ৩১ ডিচেম্বৰত মাজৰাতি লৈকে সাৰে থাকি হেপ্পী নিউ ইয়াৰ বুলি চিঞৰিলেই জানো হ'ব ?  সেয়েহে গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন আদি নকৰিলেও, মেজিৰ তলত ৰাইজৰ আশীৰ্বাদকণ  নল'লেও  অকল ভোজভাতকে খাই হ'লেও জীয়াই ৰাখিবই লাগিব নিজৰ পৰম্পৰা । ব্যস্ত সকলো নিজৰ নিজৰ কামত । আমাৰ বলোৰাম ককা আকৌ গ'ধুলি পৰত চুচুক চামাককৈ তিনিআলিৰ মূৰত থকা মদ বেচা দোকানখনত হাজিৰ হ'লহি । মদৰ নাম শুনিলেই  তিনিজাপ মৰা ককাক দেখি দোকানী ধনেশ্বৰো আচৰিত হ'ল । আজি ভাল বেপাৰ হোৱা দিনাখন ককাই কিবা লটিঘটি লগাব পাৰে বুলি পেটে পেটে অলপ ভয়ো খাইছিল । কিন্তু সিও কম নহয় । সাত ঘাটৰ চেঙেলী । মিনিষ্টাৰৰ খাচ মানুহ হোৱা বাবেই এই ককাহঁতৰ অত্যাচাৰবোৰকো কোনো কেৰেপ নকৰি ব্যবসায় চলাই যাব পাৰিছে তথাপিও অলপ ভয়ে ভয়ে সুধিলে,"ককা, এইবাৰ বিহু অলপ বেলেগ ধৰণেৰে পাতিছে নেকি? কোনটো দিওঁ, হাফ নে ক্বাটাৰ ?"  "নহয় ও বাপু মোক এইবোৰ নালাগে নহয় । মাথো তোমাক ধন্যবাদ জনাবলৈহে আহিলোঁ । তোমাৰ যহতে আজি মই শান্তিৰে শুব পাৰিম ।আগতে মাঘবিহুৰ উৰুকাৰ ৰাতি ল'ৰাবোৰে কম অশান্তি কৰিছিলনে ? এই চোৱা, বাৰীৰ আলু, নঙলা জেওৰা আদি একো নাৰাখিছিল । অবশ্যে দুটামান নিলে বেয়াও নালাগে । কিন্তু সিহঁতে যাক বেয়া পায় তাৰ যেন সর্বনাশ কৰিহে এৰিব । সেয়েহে ময়ো গোটেই ৰাতি পহৰা দিব লগা হৈছিল  পিছে এতিয়া ফুট গধুলিতে তোমাৰ এই গেলা পানীখোপা গিলি সিহঁতো  উঠিব নোৱৰা হয়গৈ । ময়ো শান্তিৰে শুব পাৰোঁ"।  ধনেশ্বৰে ককাৰ মুখলৈ একদৃষ্টিৰে চাই থাকিল ।

Friday, November 21, 2014

জন্মদিনৰ প্রাসংগিকতা

আজিকালি আমাৰ সমাজত জন্মদিন পালন কৰাৰ এটা ঢৌ চলিছে । সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আনকি বৃদ্ধসকলৰো জন্মদিন উলহ মালহেৰে উদ্যাপন কৰা দেখা যায় । বিভিন্ন ধৰণৰ মিঠাই আৰু জুতি লগা ভোজ ভাতেৰে যেন এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । ভাল কথা । ই আমাৰ জ্ঞাতিসকলৰ লগতে আমি বাস কৰা সমাজখনৰ লগতো এটি সুসম্পর্ক গঢ়ি তোলাত সহায় কৰিব তাত কোনো সন্দেহ নাই । কিন্তু আন এটা কথাই মোক অলপ ভাৱিবলৈ বাধ্য কৰায় । সেইদিনা এটা প্রকাণ্ড কেক আনি তাৰ আশে পাশে কেইডালমান সৰু সৰু মমবাতি জ্বলাই পাছত জাতকজনে নিজে ফু মাৰি সেইবোৰ নুমাই দিয়ে । লগে লগে সকলোৱে বিদেশী ভাষাত চিঞৰি উঠে 'হেপ্পি বার্থ ডে টু য়ু' আৰু পৰস্পৰে পৰস্পৰৰ উচ্ছিষ্ট কেক ভক্ষণ কৰে । আচলতে জন্মদিন হৈছে এটা মাঙ্গলিক অনুষ্ঠান আৰু আমাৰ সনাতন সংস্কৃতিত কোনো মাঙ্গলিক অনুষ্ঠানতে জীৱ জন্তুৰ চর্বিযুক্ত মমবাতি জ্বলোৱাৰ পৰম্পৰা নাই । এই মমবাতি সাধাৰণতে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে কোনো মৃতকৰ সদ্গতিৰ কামনাৰে তেঁওৰ কবৰৰ ওপৰত জ্বলোৱা  দেখা যায় ।  তেনেস্থলত আমি জন্মদিনৰ দৰে এটি মাঙ্গলিক অনুষ্ঠানত মমবাতি জ্বলাই আচলতে কি সংকেত বহন কৰিছোঁ ? জ্বলালোঁৱেইবা, আকৌ জাতকজনে নিজে ফু মাৰি নুমুৱাই তাৰ প্রকাশক ৰুদ্ধ কৰে । ই জানো নিজৰ জীৱনলৈ নিজে অন্ধকাৰ মাতি আনাৰ সংকেত নহয় ? সেয়ে ইয়াৰ সলনি আমি নিজৰ তথা আপোনজনৰ জন্মদিনত জাতকজনৰ মঙ্গল, শ্রীবৃদ্ধি তথা দীর্ঘায়ু কামনাৰে অদৃষ্টজনৰ আশীর্বাদ বিচাৰি  কোনো নামঘৰ, মন্দিৰ অথবা নিজৰ গোসাঁইঘৰত এগছি চাকি জ্বলাব নোৱাৰোনে ? 

Sunday, June 22, 2014

প্রিয়তমা (অসমীয়া কবিতা)



প্রিয়তমা,
যোৱানিশা তুমি কিয় নাহিলা ?
তোমাৰ অপেক্ষাতে
কটালোঁ উজাগৰী নিশা ।
কাৰোবাৰ বাবে ৰৈ ৰৈ
অৱশেষত নিৰাশ হ'লে
অন্তৰে যে কিমান দুখ পায়
তুমি হয়তো নাজানা ।
সেয়ে চাগে নাহিলা ।
কাৰোবাৰ হৃদয়ত
বেদনাৰ ঘাম বোৱাই
তুমি বাৰু ভাল পোৱা নেকি ?
নহ'লেনো কিয়বা নাহিলা ?
কিয় বাৰু ইমান নিষ্ঠুৰ হ'লা ?
পূৰাই আছোঁ দেখোন নিতে
তোমাৰ সকলো আবদাৰবোৰ ।
তথাপিও দিলা কিয়
এই নিৰাশাবোৰ ?
তুমি জানানে প্রিয়তমা ,
তোমাৰ অবর্তমানত
কেতিয়াবা হওঁ মই অন্ধ, ঘর্মাক্ত ,
আঙুলীবোৰৰ গতিও হয় মোৰ স্তব্ধ ,
হওঁ মই বোবা ,
কলাও হওঁ মই ।
আৰু কত যে কি কি হওঁ
তোমাক আৰু কিদৰে জনাওঁ !
সেয়ে বিছাৰোঁ সংগ তোমাৰ ।
নিবিছাৰোঁ তোমাক
কোনো নদীৰ পাৰত,
অৰণ্য পথত কিম্বা
মনোমোহা পার্কত ।
বিছাৰোঁ মাথো
ৰুদ্ধ অথবা উন্মুক্ত
ঘৰৰ কোঠাত ।
সবাৰে লগত ।
নহওঁ মই কোনো
নষ্টচৰিত্র অথবা লম্পট ।
মই মাথো তোমাৰ
শীতলী প্রেমত মতলীয়া
এক প্রেমিক অকপট ।
সেয়ে মোৰ নিবেদন
নেখেলিবা লুকাভাকু
আৰু বেদনাৰ ফাকু
সংগ যেন পাওঁ অবিৰত
হে মোৰ প্রিয়তমা বিজুলী ।

Friday, December 13, 2013

নৱবর্ষ

ৰোমান লিপিমতে এক্স মানে দহ সংখ্যা আৰু সংস্কৃত মাস মানে মাহ , সেই সূত্রে এক্স মাচ মানে দশম মাহ । এই এক্সমাচ উৎসৱ ডিচেম্বৰ মাহত পৰে । গতিকে ডিচেম্বৰ হ'ল নিশ্চিতভাৱে দশম মাহ,
জানুৱাৰী একাদশ মাহ । বছৰ এটা বাৰ মাহতহে সম্পূর্ণ হয় ।
তেন্তে একাদশ মাহতে নৱবর্ষ পালন কৰাটো কিমান যুক্তিসংগত ? আৰু এটা কথা- সূর্যোদয় কালত সূর্য যি ৰাশিত থাকে সেই ৰাশিৰ ক্রম মাহৰ ক্রমৰ লগত একে হয় । যেনে মাঘ মাহত সূর্যোদযৰ সময়ত সূর্য মকৰ ৰাশিত থাকে । মকৰ ৰাশিৰ ক্রম ১০ মাঘৰো ১০। সেয়ে মাঘমাহৰ প্রাতঃস্নানক মকৰস্নান বুলিও কয়। ৰাশিৰ ক্রম মতে মেষ প্রথম আৰু সূর্যোদয় কালত সূর্য বহাগ মাহতহে মেষ ৰাশিত থাকে । সেইসূত্রে নিশ্চিতভাৱে বহাগ মাহেই বছৰৰ প্রথম মাহ । গতিকে নতুন বছৰৰ শুভেচ্ছা যাচিবলৈ আমি বহাগ মাহলৈ অপেক্ষা কৰোঁ আহক ।