Wednesday, January 14, 2015

ভোগালীত ককাৰ আনন্দ

আদৰৰ ভোগালী বিহু পালেহি । গাঁৱৰ ডেকা আদহীয়া বুঢ়া সকলো ব্যস্ত । পথাৰৰ সোণগুটি চপোৱাৰ লগে লগেই ডেকা চেঙেলীয়াবোৰ লাগি গৈছিল নৰা কাটিবলৈ । ভেলাঘৰ সাজিব । কাষতে এটা মেজিও সাজিব । উৰুকাৰ দিনা ৰাতি সকলোৱে মিলি এখাজ ভোজভাত খাব । অলপ ফুর্তি কৰিব । তাৰ বাবেইতো ইমান ব্যস্ততা । ইফালে বোৱাৰী আইতাহঁতৰ গাও সাতখন আঁঠখন । পিঠাগুৰি খুন্দা, নাৰীকল ৰোকা, লাৰু পিঠা আদি বনোৱা, কামেই কাম ।  আখলৰ পৰা ওলাবই নোৱাৰে । সকলোৰে একেই ব্যস্ততা । কাৰণ একেটাই । সন্মুখত হেঁপাহৰ ভোগালী বিহু । নহ'বনো কিয় ? বছৰত এবাৰহে আহে । সেয়েহে ব্যস্ততা । এই ব্যস্ততাৰ মাজতে কেতিয়ানো উৰুকা পালেহি গমকেই নাপায় বহুতেই । হয় আজি উৰুকা । ডেকাবোৰে পথাৰৰ এচুকত ভেলাঘৰ এখন সাজিলে, মেজিও সাজিলে ।উলাহেৰে উপভোগ কৰিব ভোগালীৰ আনন্দ । ৰক্ষা কৰিব নিজৰ সংস্কৃতিৰ, পৰম্পৰাৰ । হয় আমাৰ এই পৰম্পৰা আমিয়েই ৰক্ষা নকৰিলে  কোনে কৰিব ? ইংৰাজসকলে আহি কৰিব জানো ?  মাথো ৩১ ডিচেম্বৰত মাজৰাতি লৈকে সাৰে থাকি হেপ্পী নিউ ইয়াৰ বুলি চিঞৰিলেই জানো হ'ব ?  সেয়েহে গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন আদি নকৰিলেও, মেজিৰ তলত ৰাইজৰ আশীৰ্বাদকণ  নল'লেও  অকল ভোজভাতকে খাই হ'লেও জীয়াই ৰাখিবই লাগিব নিজৰ পৰম্পৰা । ব্যস্ত সকলো নিজৰ নিজৰ কামত । আমাৰ বলোৰাম ককা আকৌ গ'ধুলি পৰত চুচুক চামাককৈ তিনিআলিৰ মূৰত থকা মদ বেচা দোকানখনত হাজিৰ হ'লহি । মদৰ নাম শুনিলেই  তিনিজাপ মৰা ককাক দেখি দোকানী ধনেশ্বৰো আচৰিত হ'ল । আজি ভাল বেপাৰ হোৱা দিনাখন ককাই কিবা লটিঘটি লগাব পাৰে বুলি পেটে পেটে অলপ ভয়ো খাইছিল । কিন্তু সিও কম নহয় । সাত ঘাটৰ চেঙেলী । মিনিষ্টাৰৰ খাচ মানুহ হোৱা বাবেই এই ককাহঁতৰ অত্যাচাৰবোৰকো কোনো কেৰেপ নকৰি ব্যবসায় চলাই যাব পাৰিছে তথাপিও অলপ ভয়ে ভয়ে সুধিলে,"ককা, এইবাৰ বিহু অলপ বেলেগ ধৰণেৰে পাতিছে নেকি? কোনটো দিওঁ, হাফ নে ক্বাটাৰ ?"  "নহয় ও বাপু মোক এইবোৰ নালাগে নহয় । মাথো তোমাক ধন্যবাদ জনাবলৈহে আহিলোঁ । তোমাৰ যহতে আজি মই শান্তিৰে শুব পাৰিম ।আগতে মাঘবিহুৰ উৰুকাৰ ৰাতি ল'ৰাবোৰে কম অশান্তি কৰিছিলনে ? এই চোৱা, বাৰীৰ আলু, নঙলা জেওৰা আদি একো নাৰাখিছিল । অবশ্যে দুটামান নিলে বেয়াও নালাগে । কিন্তু সিহঁতে যাক বেয়া পায় তাৰ যেন সর্বনাশ কৰিহে এৰিব । সেয়েহে ময়ো গোটেই ৰাতি পহৰা দিব লগা হৈছিল  পিছে এতিয়া ফুট গধুলিতে তোমাৰ এই গেলা পানীখোপা গিলি সিহঁতো  উঠিব নোৱৰা হয়গৈ । ময়ো শান্তিৰে শুব পাৰোঁ"।  ধনেশ্বৰে ককাৰ মুখলৈ একদৃষ্টিৰে চাই থাকিল ।

No comments:

Post a Comment