পুৱাতেই উঠি গা-পা ধুই মই ঘৰৰ পৰা ওলালোঁ । বাটত ৰাহুলক লগ পোৱাত তেওঁ সুধিলে, "আজি ছুটীৰ দিনাখনো সাজিকাচি ক'লৈ যাবলৈ ওলালা ?" "মন্দিৰৰ পৰা আহোঁ বুলি ভাবিছোঁ । প্ৰথম মাহৰ দৰমহা পোৱাৰ পাছত তালৈ যোৱাৰ মানস কৰিছিলোঁ ।" মই ক'লোঁ । "যোৱা যোৱা সেই শিলৰ মূর্তীটোকে টকা , ফুল আৰু ধুপ ধুনাৰে সেৱা কৰি আহাগৈ, লগতে সোনকালে প্রমোছন পোৱাৰ কামনাও কৰি আহিবা ।" মূর্তিপূজাত একেবাৰে বিশ্বাস নকৰা ৰাহুলে এক প্রকাৰ ইতিকিঙৰ সুৰতেই ক'লে । মানুহবোৰে নিজৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰি কিয় এইদৰে শিলক পূজা কৰে, এই প্রশ্নই তেওঁৰ মনত বাৰুকৈয়েই আমনি কৰিছিল । ময়ো হ'ব হ'ব বুলি কৈ আগবাঢ়িলোঁ ।
কেইদিনমানৰ পাছতেই ৰাহুলৰ ৰুগীয়া মাতৃয়ে সংসাৰৰ পৰা চিৰবিদায় মাগিলে । কাজৰ দিনাখন বাহিৰত ডাঙৰকৈ সজাই থোৱা নিজৰ আইৰ ফটোখনত ধুপ আৰু ফুলেৰে সেৱা কৰিলে ৰাহুলে । তেওঁক শিক্ষা দিয়াৰ এইটোৱেই উপযুক্ত সময় বুলি ভাৱি তেওঁৰ ওচৰলৈ গৈ ক'লোঁ, " আৰে ৰাহুল, এয়া কি কৰিছা ? এই কাগজৰ টুকুৰাক কিয় এইদৰে সেৱা কৰিছা ?" মাতৃৰ বিয়োগত ভাগি পৰা ৰাহুলৰ মনত মোৰ এই প্রশ্নই যেন জ্বলা জুইত ঘিহে ঢালিলে । খং আৰু আৱেগভৰা সুৰত ক'লে, " এয়া মথো কাগজৰ টুকুৰা নহয় , ইয়াত মোৰ মাৰ ছবি অঙ্কিত আছে ।" হয় ৰাহুল, যিদৰে আজি তুমি এই সৰু কাগজৰ টুকুৰাত নিজৰ কৰুণাময়ী আইক দেখা পাইছা সেইদৰে আমিও শিলৰ মূর্তিটোতে জগতৰ নিয়ন্তা ঈশ্বৰক বিছাৰি পাব নোৱাৰোঁনে ?" নিজৰ পূৰণিকলীয়া প্রশ্নৰ সমাধান পায়েই হয়তো ৰাহুল নিৰুত্তৰ হ'ল ।
No comments:
Post a Comment