Saturday, December 12, 2015

নৱবৰ্ষ

৩১ ডিচেম্বৰলৈ আৰু বেছি দিন নাই । তাৰ পিছদিনাই ১ জানুৱাৰী । আমাৰ যুৱক যুৱতীসকলে হয়তো বৰ উত্কণ্ঠাৰে বাট চাই আছে সেই বিশেষ দিন দুটালৈ । কিছুমানে হয়তো মদ আৰু জুৱাৰ পূর্ণ স্বতন্ত্রতাৰে অলপ ফুর্তি-তামাচা কৰি পিকনিক খোৱাৰ পৰিকল্পনাও চাগে কৰি থৈছে । নহয়নে বাৰু ? কিন্তু আমি কেতিয়াবা ভাৱি চাইছোঁনে এনে কৰাৰ কাৰণটোৱেই বা কি ? ১ জানুৱাৰীত কি এনে ঐতিহাসিক ঘটনা ঘটিছিল ? ই কিবা জলবায়ুৰ পৰিৱর্তনৰ আৰম্ভনি নে ? অথবা জ্যোতির্মণ্ডলীয় আন কিবা কাৰণো আছে নেকি ? নাই, একোৱেই তো নাই। তথাপিও আমি ইয়াক পালন কৰোঁ কিয় ? উত্তৰত চাগে ক'ম "এইটো ইংৰাজী বছৰৰ আৰম্ভনি, গোটেই বিশ্বই ইয়াক মানে" । তেন্তে জানি থওক ই ইংৰাজী বছৰৰ নহয়, খ্রীষ্টীয় বছৰৰ হে আৰম্ভনি । আছলতে খ্রীষ্টীয় বছৰৰো নহয় । ( ২৫ ডিচেম্বৰত যদি যীশুৰ জন্ম তেন্তে ১ জানুৱাৰীত বছৰৰ আৰম্ভনি কিয় ?) হয়তো আৰু ক'ম " ৩১ ডিচেম্বৰৰ দিনা বছৰৰ বিদায় "। কিন্তু কোনটো বছৰৰ ? য'ত চেপ্টেম্বৰ, অক্টোবৰ, নভেম্বৰ আৰু ডিচেম্বৰ ক্রমে সপ্তম, অষ্টম, নৱম আৰু দশম মাহ হ'ব লাগিছিল কিন্তু দুর্ভাগ্যৱশত ক্রমে নৱম, দশম, একাদশ আৰু দ্বাদশ মাহ কৰা হ'ল । সেইটো বছৰৰ ? এক্সমাচ উত্সৱ বৰ উলহ মালহেৰে পালন কৰে কিন্তু 'এক্স' আৰু 'মাচ'ৰ অর্থই তেওঁলোকৰ তাত নাই । কিন্তু আমি যেন ইংৰাজৰ বাহ বাহ পাবলৈহে লৰ মাৰিছোঁ । ইয়াৰ সলনি বহাগ মাহৰ ১ তাৰিখত নৱবর্ষৰ আৰম্ভনিৰ বৈজ্ঞানিক কাৰণ আছে, জ্যোতির্বিজ্ঞানৰ যুক্তি থকাৰ লগতে প্রকৃতি জগতৰো পৰিৱর্তন ঘটে । গছবোৰে নতুন কুঁহিপাত মেলে ।সেয়ে আমি বিদেশী দাসতাৰ মনোভাৱৰ পৰা মুক্ত হৈ স্বাধীনচিতীয়া মনোভাৱেৰে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ উলাহ বর্জণ কৰি বহাগৰ ১ তাৰিখলৈ সেই উত্সাহ উদ্দীপনাক সাঁচি থৈ অসমীৰ বুকুত আনন্দৰ জোৱাৰ তোলাৰ সংকল্প এটি ল'ব নোৱাৰোঁনে ?

No comments:

Post a Comment