Saturday, December 12, 2015

নৱবৰ্ষ

৩১ ডিচেম্বৰলৈ আৰু বেছি দিন নাই । তাৰ পিছদিনাই ১ জানুৱাৰী । আমাৰ যুৱক যুৱতীসকলে হয়তো বৰ উত্কণ্ঠাৰে বাট চাই আছে সেই বিশেষ দিন দুটালৈ । কিছুমানে হয়তো মদ আৰু জুৱাৰ পূর্ণ স্বতন্ত্রতাৰে অলপ ফুর্তি-তামাচা কৰি পিকনিক খোৱাৰ পৰিকল্পনাও চাগে কৰি থৈছে । নহয়নে বাৰু ? কিন্তু আমি কেতিয়াবা ভাৱি চাইছোঁনে এনে কৰাৰ কাৰণটোৱেই বা কি ? ১ জানুৱাৰীত কি এনে ঐতিহাসিক ঘটনা ঘটিছিল ? ই কিবা জলবায়ুৰ পৰিৱর্তনৰ আৰম্ভনি নে ? অথবা জ্যোতির্মণ্ডলীয় আন কিবা কাৰণো আছে নেকি ? নাই, একোৱেই তো নাই। তথাপিও আমি ইয়াক পালন কৰোঁ কিয় ? উত্তৰত চাগে ক'ম "এইটো ইংৰাজী বছৰৰ আৰম্ভনি, গোটেই বিশ্বই ইয়াক মানে" । তেন্তে জানি থওক ই ইংৰাজী বছৰৰ নহয়, খ্রীষ্টীয় বছৰৰ হে আৰম্ভনি । আছলতে খ্রীষ্টীয় বছৰৰো নহয় । ( ২৫ ডিচেম্বৰত যদি যীশুৰ জন্ম তেন্তে ১ জানুৱাৰীত বছৰৰ আৰম্ভনি কিয় ?) হয়তো আৰু ক'ম " ৩১ ডিচেম্বৰৰ দিনা বছৰৰ বিদায় "। কিন্তু কোনটো বছৰৰ ? য'ত চেপ্টেম্বৰ, অক্টোবৰ, নভেম্বৰ আৰু ডিচেম্বৰ ক্রমে সপ্তম, অষ্টম, নৱম আৰু দশম মাহ হ'ব লাগিছিল কিন্তু দুর্ভাগ্যৱশত ক্রমে নৱম, দশম, একাদশ আৰু দ্বাদশ মাহ কৰা হ'ল । সেইটো বছৰৰ ? এক্সমাচ উত্সৱ বৰ উলহ মালহেৰে পালন কৰে কিন্তু 'এক্স' আৰু 'মাচ'ৰ অর্থই তেওঁলোকৰ তাত নাই । কিন্তু আমি যেন ইংৰাজৰ বাহ বাহ পাবলৈহে লৰ মাৰিছোঁ । ইয়াৰ সলনি বহাগ মাহৰ ১ তাৰিখত নৱবর্ষৰ আৰম্ভনিৰ বৈজ্ঞানিক কাৰণ আছে, জ্যোতির্বিজ্ঞানৰ যুক্তি থকাৰ লগতে প্রকৃতি জগতৰো পৰিৱর্তন ঘটে । গছবোৰে নতুন কুঁহিপাত মেলে ।সেয়ে আমি বিদেশী দাসতাৰ মনোভাৱৰ পৰা মুক্ত হৈ স্বাধীনচিতীয়া মনোভাৱেৰে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ উলাহ বর্জণ কৰি বহাগৰ ১ তাৰিখলৈ সেই উত্সাহ উদ্দীপনাক সাঁচি থৈ অসমীৰ বুকুত আনন্দৰ জোৱাৰ তোলাৰ সংকল্প এটি ল'ব নোৱাৰোঁনে ?

Monday, February 2, 2015

সমাধান (এক মিনিটৰ গল্প ) 


পুৱাতেই উঠি গা-পা ধুই মই ঘৰৰ পৰা ওলালোঁ । বাটত ৰাহুলক লগ পোৱাত তেওঁ সুধিলে, "আজি ছুটীৰ দিনাখনো সাজিকাচি ক'লৈ যাবলৈ ওলালা ?" "মন্দিৰৰ পৰা আহোঁ বুলি ভাবিছোঁ । প্ৰথম মাহৰ দৰমহা পোৱাৰ পাছত তালৈ যোৱাৰ মানস কৰিছিলোঁ ।" মই ক'লোঁ । "যোৱা যোৱা সেই শিলৰ মূর্তীটোকে টকা , ফুল আৰু ধুপ ধুনাৰে সেৱা কৰি আহাগৈ, লগতে সোনকালে প্রমোছন পোৱাৰ কামনাও কৰি আহিবা ।" মূর্তিপূজাত একেবাৰে বিশ্বাস নকৰা ৰাহুলে এক প্রকাৰ ইতিকিঙৰ সুৰতেই ক'লে । মানুহবোৰে নিজৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰি কিয় এইদৰে শিলক পূজা কৰে, এই প্রশ্নই তেওঁৰ মনত বাৰুকৈয়েই আমনি কৰিছিল । ময়ো হ'ব হ'ব বুলি কৈ আগবাঢ়িলোঁ ।
   কেইদিনমানৰ পাছতেই ৰাহুলৰ ৰুগীয়া মাতৃয়ে সংসাৰৰ পৰা চিৰবিদায় মাগিলে । কাজৰ দিনাখন বাহিৰত ডাঙৰকৈ সজাই থোৱা নিজৰ আইৰ ফটোখনত ধুপ আৰু ফুলেৰে সেৱা কৰিলে ৰাহুলে । তেওঁক শিক্ষা দিয়াৰ এইটোৱেই উপযুক্ত সময় বুলি ভাৱি তেওঁৰ ওচৰলৈ গৈ ক'লোঁ, " আৰে ৰাহুল, এয়া কি কৰিছা ? এই কাগজৰ  টুকুৰাক কিয় এইদৰে সেৱা কৰিছা ?" মাতৃৰ বিয়োগত ভাগি পৰা ৰাহুলৰ মনত মোৰ এই প্রশ্নই যেন জ্বলা জুইত ঘিহে ঢালিলে । খং আৰু আৱেগভৰা সুৰত ক'লে, " এয়া মথো কাগজৰ টুকুৰা নহয় , ইয়াত মোৰ মাৰ ছবি অঙ্কিত আছে ।" হয় ৰাহুল, যিদৰে  আজি তুমি এই সৰু কাগজৰ টুকুৰাত নিজৰ কৰুণাময়ী আইক দেখা পাইছা সেইদৰে আমিও শিলৰ মূর্তিটোতে জগতৰ নিয়ন্তা ঈশ্বৰক বিছাৰি পাব নোৱাৰোঁনে  ?" নিজৰ পূৰণিকলীয়া প্রশ্নৰ সমাধান পায়েই হয়তো ৰাহুল নিৰুত্তৰ হ'ল ।

Wednesday, January 14, 2015

ভোগালীত ককাৰ আনন্দ

আদৰৰ ভোগালী বিহু পালেহি । গাঁৱৰ ডেকা আদহীয়া বুঢ়া সকলো ব্যস্ত । পথাৰৰ সোণগুটি চপোৱাৰ লগে লগেই ডেকা চেঙেলীয়াবোৰ লাগি গৈছিল নৰা কাটিবলৈ । ভেলাঘৰ সাজিব । কাষতে এটা মেজিও সাজিব । উৰুকাৰ দিনা ৰাতি সকলোৱে মিলি এখাজ ভোজভাত খাব । অলপ ফুর্তি কৰিব । তাৰ বাবেইতো ইমান ব্যস্ততা । ইফালে বোৱাৰী আইতাহঁতৰ গাও সাতখন আঁঠখন । পিঠাগুৰি খুন্দা, নাৰীকল ৰোকা, লাৰু পিঠা আদি বনোৱা, কামেই কাম ।  আখলৰ পৰা ওলাবই নোৱাৰে । সকলোৰে একেই ব্যস্ততা । কাৰণ একেটাই । সন্মুখত হেঁপাহৰ ভোগালী বিহু । নহ'বনো কিয় ? বছৰত এবাৰহে আহে । সেয়েহে ব্যস্ততা । এই ব্যস্ততাৰ মাজতে কেতিয়ানো উৰুকা পালেহি গমকেই নাপায় বহুতেই । হয় আজি উৰুকা । ডেকাবোৰে পথাৰৰ এচুকত ভেলাঘৰ এখন সাজিলে, মেজিও সাজিলে ।উলাহেৰে উপভোগ কৰিব ভোগালীৰ আনন্দ । ৰক্ষা কৰিব নিজৰ সংস্কৃতিৰ, পৰম্পৰাৰ । হয় আমাৰ এই পৰম্পৰা আমিয়েই ৰক্ষা নকৰিলে  কোনে কৰিব ? ইংৰাজসকলে আহি কৰিব জানো ?  মাথো ৩১ ডিচেম্বৰত মাজৰাতি লৈকে সাৰে থাকি হেপ্পী নিউ ইয়াৰ বুলি চিঞৰিলেই জানো হ'ব ?  সেয়েহে গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন আদি নকৰিলেও, মেজিৰ তলত ৰাইজৰ আশীৰ্বাদকণ  নল'লেও  অকল ভোজভাতকে খাই হ'লেও জীয়াই ৰাখিবই লাগিব নিজৰ পৰম্পৰা । ব্যস্ত সকলো নিজৰ নিজৰ কামত । আমাৰ বলোৰাম ককা আকৌ গ'ধুলি পৰত চুচুক চামাককৈ তিনিআলিৰ মূৰত থকা মদ বেচা দোকানখনত হাজিৰ হ'লহি । মদৰ নাম শুনিলেই  তিনিজাপ মৰা ককাক দেখি দোকানী ধনেশ্বৰো আচৰিত হ'ল । আজি ভাল বেপাৰ হোৱা দিনাখন ককাই কিবা লটিঘটি লগাব পাৰে বুলি পেটে পেটে অলপ ভয়ো খাইছিল । কিন্তু সিও কম নহয় । সাত ঘাটৰ চেঙেলী । মিনিষ্টাৰৰ খাচ মানুহ হোৱা বাবেই এই ককাহঁতৰ অত্যাচাৰবোৰকো কোনো কেৰেপ নকৰি ব্যবসায় চলাই যাব পাৰিছে তথাপিও অলপ ভয়ে ভয়ে সুধিলে,"ককা, এইবাৰ বিহু অলপ বেলেগ ধৰণেৰে পাতিছে নেকি? কোনটো দিওঁ, হাফ নে ক্বাটাৰ ?"  "নহয় ও বাপু মোক এইবোৰ নালাগে নহয় । মাথো তোমাক ধন্যবাদ জনাবলৈহে আহিলোঁ । তোমাৰ যহতে আজি মই শান্তিৰে শুব পাৰিম ।আগতে মাঘবিহুৰ উৰুকাৰ ৰাতি ল'ৰাবোৰে কম অশান্তি কৰিছিলনে ? এই চোৱা, বাৰীৰ আলু, নঙলা জেওৰা আদি একো নাৰাখিছিল । অবশ্যে দুটামান নিলে বেয়াও নালাগে । কিন্তু সিহঁতে যাক বেয়া পায় তাৰ যেন সর্বনাশ কৰিহে এৰিব । সেয়েহে ময়ো গোটেই ৰাতি পহৰা দিব লগা হৈছিল  পিছে এতিয়া ফুট গধুলিতে তোমাৰ এই গেলা পানীখোপা গিলি সিহঁতো  উঠিব নোৱৰা হয়গৈ । ময়ো শান্তিৰে শুব পাৰোঁ"।  ধনেশ্বৰে ককাৰ মুখলৈ একদৃষ্টিৰে চাই থাকিল ।