আজিকালি আমাৰ সমাজত জন্মদিন পালন কৰাৰ এটা ঢৌ চলিছে । সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আনকি বৃদ্ধসকলৰো জন্মদিন উলহ মালহেৰে উদ্যাপন কৰা দেখা যায় । বিভিন্ন ধৰণৰ মিঠাই আৰু জুতি লগা ভোজ ভাতেৰে যেন এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । ভাল কথা । ই আমাৰ জ্ঞাতিসকলৰ লগতে আমি বাস কৰা সমাজখনৰ লগতো এটি সুসম্পর্ক গঢ়ি তোলাত সহায় কৰিব তাত কোনো সন্দেহ নাই । কিন্তু আন এটা কথাই মোক অলপ ভাৱিবলৈ বাধ্য কৰায় । সেইদিনা এটা প্রকাণ্ড কেক আনি তাৰ আশে পাশে কেইডালমান সৰু সৰু মমবাতি জ্বলাই পাছত জাতকজনে নিজে ফু মাৰি সেইবোৰ নুমাই দিয়ে । লগে লগে সকলোৱে বিদেশী ভাষাত চিঞৰি উঠে 'হেপ্পি বার্থ ডে টু য়ু' আৰু পৰস্পৰে পৰস্পৰৰ উচ্ছিষ্ট কেক ভক্ষণ কৰে । আচলতে জন্মদিন হৈছে এটা মাঙ্গলিক অনুষ্ঠান আৰু আমাৰ সনাতন সংস্কৃতিত কোনো মাঙ্গলিক অনুষ্ঠানতে জীৱ জন্তুৰ চর্বিযুক্ত মমবাতি জ্বলোৱাৰ পৰম্পৰা নাই । এই মমবাতি সাধাৰণতে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে কোনো মৃতকৰ সদ্গতিৰ কামনাৰে তেঁওৰ কবৰৰ ওপৰত জ্বলোৱা দেখা যায় । তেনেস্থলত আমি জন্মদিনৰ দৰে এটি মাঙ্গলিক অনুষ্ঠানত মমবাতি জ্বলাই আচলতে কি সংকেত বহন কৰিছোঁ ? জ্বলালোঁৱেইবা, আকৌ জাতকজনে নিজে ফু মাৰি নুমুৱাই তাৰ প্রকাশক ৰুদ্ধ কৰে । ই জানো নিজৰ জীৱনলৈ নিজে অন্ধকাৰ মাতি আনাৰ সংকেত নহয় ? সেয়ে ইয়াৰ সলনি আমি নিজৰ তথা আপোনজনৰ জন্মদিনত জাতকজনৰ মঙ্গল, শ্রীবৃদ্ধি তথা দীর্ঘায়ু কামনাৰে অদৃষ্টজনৰ আশীর্বাদ বিচাৰি কোনো নামঘৰ, মন্দিৰ অথবা নিজৰ গোসাঁইঘৰত এগছি চাকি জ্বলাব নোৱাৰোনে ?
Friday, November 21, 2014
Sunday, June 22, 2014
প্রিয়তমা (অসমীয়া কবিতা)
প্রিয়তমা,
যোৱানিশা তুমি কিয় নাহিলা ?
তোমাৰ অপেক্ষাতে
কটালোঁ উজাগৰী নিশা ।
কাৰোবাৰ বাবে ৰৈ ৰৈ
অৱশেষত নিৰাশ হ'লে
অন্তৰে যে কিমান দুখ পায়
তুমি হয়তো নাজানা ।
সেয়ে চাগে নাহিলা ।
কাৰোবাৰ হৃদয়ত
বেদনাৰ ঘাম বোৱাই
তুমি বাৰু ভাল পোৱা নেকি ?
নহ'লেনো কিয়বা নাহিলা ?
কিয় বাৰু ইমান নিষ্ঠুৰ হ'লা ?
পূৰাই আছোঁ দেখোন নিতে
তোমাৰ সকলো আবদাৰবোৰ ।
তথাপিও দিলা কিয়
এই নিৰাশাবোৰ ?
তুমি জানানে প্রিয়তমা ,
তোমাৰ অবর্তমানত
কেতিয়াবা হওঁ মই অন্ধ, ঘর্মাক্ত ,
আঙুলীবোৰৰ গতিও হয় মোৰ স্তব্ধ ,
হওঁ মই বোবা ,
কলাও হওঁ মই ।
আৰু কত যে কি কি হওঁ
তোমাক আৰু কিদৰে জনাওঁ !
সেয়ে বিছাৰোঁ সংগ তোমাৰ ।
যোৱানিশা তুমি কিয় নাহিলা ?
তোমাৰ অপেক্ষাতে
কটালোঁ উজাগৰী নিশা ।
কাৰোবাৰ বাবে ৰৈ ৰৈ
অৱশেষত নিৰাশ হ'লে
অন্তৰে যে কিমান দুখ পায়
তুমি হয়তো নাজানা ।
সেয়ে চাগে নাহিলা ।
কাৰোবাৰ হৃদয়ত
বেদনাৰ ঘাম বোৱাই
তুমি বাৰু ভাল পোৱা নেকি ?
নহ'লেনো কিয়বা নাহিলা ?
কিয় বাৰু ইমান নিষ্ঠুৰ হ'লা ?
পূৰাই আছোঁ দেখোন নিতে
তোমাৰ সকলো আবদাৰবোৰ ।
তথাপিও দিলা কিয়
এই নিৰাশাবোৰ ?
তুমি জানানে প্রিয়তমা ,
তোমাৰ অবর্তমানত
কেতিয়াবা হওঁ মই অন্ধ, ঘর্মাক্ত ,
আঙুলীবোৰৰ গতিও হয় মোৰ স্তব্ধ ,
হওঁ মই বোবা ,
কলাও হওঁ মই ।
আৰু কত যে কি কি হওঁ
তোমাক আৰু কিদৰে জনাওঁ !
সেয়ে বিছাৰোঁ সংগ তোমাৰ ।
নিবিছাৰোঁ তোমাক
কোনো নদীৰ পাৰত,
অৰণ্য পথত কিম্বা
মনোমোহা পার্কত ।
বিছাৰোঁ মাথো
ৰুদ্ধ অথবা উন্মুক্ত
ঘৰৰ কোঠাত ।
সবাৰে লগত ।
নহওঁ মই কোনো
নষ্টচৰিত্র অথবা লম্পট ।
মই মাথো তোমাৰ
শীতলী প্রেমত মতলীয়া
এক প্রেমিক অকপট ।
সেয়ে মোৰ নিবেদন
নেখেলিবা লুকাভাকু
আৰু বেদনাৰ ফাকু
সংগ যেন পাওঁ অবিৰত
হে মোৰ প্রিয়তমা বিজুলী ।
কোনো নদীৰ পাৰত,
অৰণ্য পথত কিম্বা
মনোমোহা পার্কত ।
বিছাৰোঁ মাথো
ৰুদ্ধ অথবা উন্মুক্ত
ঘৰৰ কোঠাত ।
সবাৰে লগত ।
নহওঁ মই কোনো
নষ্টচৰিত্র অথবা লম্পট ।
মই মাথো তোমাৰ
শীতলী প্রেমত মতলীয়া
এক প্রেমিক অকপট ।
সেয়ে মোৰ নিবেদন
নেখেলিবা লুকাভাকু
আৰু বেদনাৰ ফাকু
সংগ যেন পাওঁ অবিৰত
হে মোৰ প্রিয়তমা বিজুলী ।
Subscribe to:
Posts (Atom)